বিধায়ক অমিয় কুমাৰ ভূঞাই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ দোৰপাং অঞ্চলৰ বিবাদমান অঞ্চল পৰিদৰ্শন কৰি অৰুণাচলীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি কঠোৰ সকীয়নি প্ৰদান কৰে। অসমৰ ভূমি এক ইঞ্চিও আগ্ৰাসী অৰুণাচলীক দখল কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে বিধায়ক গৰাকীয়ে
উল্লেখ্য যে, নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাং অঞ্চলত একাংশ অৰুণাচলীয়ে অসমৰ ভূমিত কেবাটাও বৃহত বৃহত পুখুৰী খন্দাক কেন্দ্ৰ কৰি ৫ জুলাইত প্ৰতিবাদ মুখৰ হৈ পৰিছিল সমগ্ৰ অঞ্চলটো।স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পিছতে অসম আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ বিবাদমান অঞ্চলটোৰ পৰা জব্দ কৰিছিল দুখনকৈ এস্কেভেটৰ।
সেই দিন ধৰি সীমান্তৱৰ্তী অঞ্চলটোত অব্যাহত থকা উত্তেজনাৰ মাজতে আজি অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতে আগ্ৰাসী অৰুণাচলীক কঠোৰ সকীয়নি প্ৰদান কৰে বিধায়ক গৰাকীয়ে।