আজি ত্ৰিপুৰাত উপ–নিৰ্বাচন। চাৰিটা সমষ্টিৰ বিধানসভাৰ উপ–নিৰ্বাচনৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। চাৰিওটা সমষ্টিত মুঠ ২২জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত টাউন বৰদোৱালি আৰু আগৰতলা সমষ্টিত ৬ জনকৈ প্ৰাৰ্থী আৰু সুৰমা আৰু যুৱৰাজ নগৰ সমষ্টিত ৫জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
ৰাজ্যখনৰ চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচনত ২২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১ লাখ ৮৯ হাজাৰ ৩২জন ভোটাৰে। ইয়াৰ ভিতৰত আগৰতলা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৫১,৭৩৯জন। টাউন বৰদোৱালি সমষ্টিত ভোটাৰৰ সংখ্যা ৪৬,৬২২জন। সুৰমা সমষ্টিত মুঠ ভোটাৰ ৪৭,৩০০ জন। যুৱৰাজনগৰ সমষ্টিত ভোটাৰৰ সংখ্যা ৪৩,৩৭১জন। উল্লেখ্য যে, চাৰিওটা কেন্দ্ৰত মহিলা ভোটাৰৰ সংখ্যা সৰ্বাধিক। মহিলা ভোটাৰৰ সংখ্যা ৯৫,৩৮৯ গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৯৩,৬৩৮জন। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫জন।