অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈসহ অসম জাতীয় পৰিষদৰ এটা দল আজি বকোৰ লাম্পিত উপস্থিত হয়। মেঘালয় আৰু অসমৰ সীমান্তৱৰ্তী এলেকা ল’ৱাৰ লাম্পিত ৰাইজৰ সৈতে মত বিনিময় কৰে। মানুহ আৰু মাটিৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ মানুহৰ লগত সদায়ে থাকিব বুলি লাম্পিবাসীক আশ্বাস প্ৰদান লুৰিণজ্যোতি গগৈৰ। সীমা সমস্যাৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদে স্থায়ী সমাধান বিচাৰে যদিও কোনোধৰণৰ আলাপ-আলোচনা নকৰাকৈ ৰাজ্য চৰকাৰে আত্মসমৰ্পণ কৰাৰ দৰে মাটি এৰি দিয়া সিদ্ধান্তক কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব বুলি সভাপতিগৰাকীয়ে চৰকাৰক তীব্ৰ সকিয়নি দিয়ে।
অসমৰ মাটি আৰু মানুহ সুৰক্ষাৰ কথা চিন্তা নকৰি গ্ৰহণ কৰা সিদ্ধান্তক ৰজা-মহাৰাজৰ সিদ্ধান্ত বুলি সভাপতি লুৰিণ জ্যোতি গগৈয়ে চৰকাৰক ভৎসৰ্না কৰে। ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত এনেদৰে মাটি এৰি দিয়াৰ সিদ্ধান্ত স্বেচ্ছাচাৰী সিদ্ধান্ত বুলি সমলোচনা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদ্বিশ ভূঞাই। অসম জাতীয় পৰিষদৰ দলটোৱে লাম্পিৰ আপাৰ লাম্পিলৈ গৈ অসমৰ ভূমি আগ্ৰাসন কৰি মেঘালয়ে লগোৱা তথ্যফলক পৰ্যন্ত পৰ্যবেক্ষণ কৰে।