‘আজাদী কা অমৃত মহোৎসৱ’ৰ নামত ASTCৰ অধীনৰ বাছৰ মালিকলৈ চৰকাৰৰ নিদেৰ্শনা। ১১ আগষ্টৰ পৰা পৰা ১৭ আগষ্টলৈ ASTCৰ অধীনৰ প্ৰতিখন বাছত লগাব লাগিব ‘ঘৰে ঘৰে জাতীয় পতাকা’ লিখিত ষ্টিকাৰ। ষ্টিকাৰটোৰ বাবদ প্ৰতিখন বাছৰ মালিকে ভৰিব লাগিব ৬০০ টকাকৈ।
চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 98540 09930 নম্বৰত ফোন কৰি ষ্টিকাৰটো লগাব লাগিব, অন্যথা ভৰিব লাগিব জৰিমনা। প্ৰতিখন বাছত জাতীয় পতাকাখন লগোৱাৰ উপৰিও, ১১ তাৰিখৰ পৰা ১৭ তাৰিখলৈ অহৰহ চলি থাকিব চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া থীম ছং।