ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ বিশেষ সামৰিক অভিযান ঘোষণাৰ পাছত সৃষ্টি হোৱা যুদ্ধৰ বাবে ৰাছিয়াৰ ওপৰত খড়্গহস্ত পশ্চিমীয়া দেশসমূহ। এই দেশবোৰে ইটোৰ পাছত সিটো নিষেধাজ্ঞা আৰোপ কৰি আছে ৰাছিয়াৰ ওপৰত। শেহতীয়াকৈ ৰাছিয়াৰ ফ্লেগশ্বিপ এয়াৰলাইন এৰোফ্লটে ঘোষণা কৰিছে যে তেওঁলোকে ৮ মাৰ্চৰ পৰা ইয়াৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমান স্থগিত ৰাখিছে। শনিবাৰে এই কথা ঘোষণা কৰিছে এয়াৰ লাইনটোৱে।
৮ মাৰ্চৰ পৰা সকলো আন্তঃৰাষ্ট্ৰীয় বিমান অস্থায়ীভাৱে স্থগিত ৰখা সন্দৰ্ভত এৰোফ্লটৰ এক বিবৃতিত নতুন বিমান চলাচলত বাধা সৃষ্টি কৰা পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে সকলো ঘৰুৱা পথ অপৰিৱৰ্তিত হৈ থাকিব আৰু লগতে চুবুৰীয়া বেলাৰুছলৈ বিমান চলাচল হৈ থাকিব। এৰোফ্লটৰ এটা সহায়ক সংস্থা বাজেট এয়াৰলাইন পোবেদাই লগতে কৈছিল যে ৮ মাৰ্চৰ পৰা আন্তৰ্জাতিক বিমান চলাচল বন্ধ কৰিব।
ৰাছিয়াৰ অসামৰিক বিমান পৰিবহণ সংস্থাই শনিবাৰে কৈছিল যে তেওঁলোকে বিদেশত পঞ্জীভুক্ত ভাড়াৰ বিমান পৰিচালনা কৰা ৰাছিয়াৰ এয়াৰলাইনসমূহক পশ্চিমীয়া নিষেধাজ্ঞাৰ সন্দৰ্ভত বিমানসমূহ জব্দ নকৰিবলৈ বিদেশত বিমান চলাচল বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ ফলস্বৰূপে শনিবাৰে ২১০০ জিএমটিত বিদেশত এনেধৰণৰ বিমান চলাচল বন্ধ হ’ব আৰু সোমবাৰে ২১০০ জিএমটিত বিদেশৰ পৰা বিমান চলাচল বন্ধ হ’ব, ৰাছিয়াৰ অসামৰিক বিমান সংস্থা ৰোজাভিয়াটচিয়াই এক বিবৃতিত কয়।