আজি বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ দ্বিতীয়খন কাকতৰ পৰীক্ষা। অধ্যাপকৰ নিৰীক্ষণত কাৰাগাৰতে পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী! গোলাঘাট সত্ৰ ন্যায়াধীশে সোমবাৰে DCB কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পিছত আজি মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকৰ নিৰীক্ষণত অনুষ্ঠিত হৈছে পৰীক্ষা।
উল্লেখ্য যে কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহা বৰ্ষাশ্ৰীৰ বিশ্ববিদ্যালয়ৰ নিয়মৰ পৰিৱৰ্তে গোলাঘাটৰ উপায়ুক্তই এগৰাকী অতিৰিক্ত উপায়ুক্তৰ নিৰীক্ষণত প্ৰথমখন কাকতৰ পৰীক্ষা দিবলৈ বাধ্য কৰোৱা বিষয়টোত নাৰাজ ন্যায়ালয়।
সেয়েহে সোমবাৰে ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি বিশ্ববিদ্যালয়ৰ নিয়মৰ অধীনত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়াৰ লগতে DCB কলেজৰ অধ্যক্ষক আদালতে কাৰণ দৰ্শোৱাৰ জাননী দিছে আৰু ২৫ জুলাইৰ ভিতৰত অধ্যক্ষই উক্ত জাননীৰ উত্তৰ দিব লাগিব।