সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে আজি ১২ ঘণ্টাৰ বৰাক বন্ধ ঘোষণা কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ বি ডি এছ, কংগ্ৰেছসহ বৰাক উপত্যকাৰ বিভিন্ন দল সংগঠনে। বৰাক উপত্যকাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে ঘোষণা কৰা বন্ধৰ মিশ্ৰিত প্ৰভাৱ হে পৰিলক্ষিত হৈছে। পুৱাৰে পৰা ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ আছে যদিও ঠায়ে ঠায়ে খোলা আছে বিভিন্ন দোকান-পোহাৰ। চহৰ অঞ্চলত আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ বৃহৎ দলে পুৱাৰে পৰা তহল দিছে।
উল্লেখ্য যে, বৰাক উপত্যকাত ইয়াৰ পূৰ্বে এইদৰে বন্ধক গুৰুত্ব প্ৰদান কৰা নাছিল আৰক্ষী প্ৰশাসনে। ফলত মুকলিকৈ পিকেটিং কৰাৰ সুযোগ লাভ কৰা নাই বন্ধ ঘোষণা কৰা এই সংগঠন কেইটাৰ কৰ্মীয়ে। ৰ মাজতো ঠায়ে ঠায়ে সমষ্টি পুনৰ গঠনৰ বিৰোধিতাৰে শ্ল’গান দিছে বন্ধ সমৰ্থকে। কৰিমগঞ্জ কলেজৰ সন্মুখত একাংশ বন্ধ সমৰ্থকে একগোট হৈ বহি প্ৰতিবাদ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে।