আগন্তুক বেইজিং অলিম্পিক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে। উল্লেখ্য যে, চীনৰ বেইজিং শীতকালীন অলিম্পিক বৰ্জন কৰাৰ বিষয়ে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়ে। প্ৰকৃততে, চীনে এই অলিম্পিকত গলৱান উপত্যকাৰ সংঘৰ্ষত জড়িত এজন সামৰিক কমাণ্ডাৰক অগ্নিশিখা কঢ়িওৱাৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লৈছিল। ভাৰতীয় কূটনীতিবিদসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বেইজিং অলিম্পিক বৰ্জনৰ সিদ্ধান্ত লয়।
এই বিষয়টোৰ সন্দৰ্ভত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, চীনে অলিম্পিকৰ ৰাজনীতি কৰিছে,বেইজিঙত ভাৰতৰ কাৰ্যকৰী ৰাষ্ট্ৰদূতে অলিম্পিকৰ উদ্বোধনী বা সমাপ্তিত অংশগ্ৰহণ নকৰে।
ক্যুই ফেবাওক অগ্নিশিখা কঢ়িওৱাৰ দায়িত্ব দিয়াৰ পিছত ইউএনএছচিত এখন বৈঠক অনুষ্ঠিত হৈছিল, য’ত ভাৰতে নিজৰ স্থিতি আগবঢ়াইছিল। ভাৰতে আৰম্ভণিৰে পৰা গলৱান উপত্যকা অঞ্চলত শান্তি স্থাপনৰ বাবে ৰাজনৈতিক আৰু সামৰিক পৰ্যায়ত আলোচনা কৰি আহিছে, যাতে দুয়োখন দেশৰ মাজত শান্তিপূৰ্ণ সমাধান বিচাৰি উলিয়াব পৰা যায়।
চীনৰ সিদ্ধান্তক লৈ ভাৰতে শক্তিশালী স্থিতি গ্ৰহণ কৰা দেখা গৈছে। আনহাতে, আমেৰিকাই গলৱান বিতৰ্কক লৈ অলিম্পিকত ৰাজনীতিকৰণৰ অভিযোগ উত্থাপন কৰিছে চীনৰ বিৰুদ্ধে।