অহা ২৫ মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে যোগী আদিত্যনাথ৷ এইবেলি যোগী আদিত্যনাথৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ কাৰ্যসূচী কিছু ব্যতিক্ৰমী হ’ব যেন ধাৰণা কৰা হৈছে৷ কিয়নো, উত্তৰ প্ৰদেশৰ নৱ-নিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণতে দেশৰ ৰাজনৈতিক ইতিহাসত নোহোৱা নোপজা ঘটনা ঘটিবলৈ গৈ আছে৷
খবৰ অনুসৰি, ২৫ মাৰ্চত যোগী আদিত্যনাথৰ শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মন্দিৰসমূহত সম্পূৰ্ণ দুঘণ্টাৰ বাবে বজোৱা হ’ব শংখ-ঘণ্টা৷ যোগীৰ শপতগ্ৰহণৰ সময়ছোৱাক শংখ আৰু ঘণ্টাধ্বনিৰে মুখৰিত কৰি ৰাখিবলৈ প্ৰস্তুতি চলাইছে উত্তৰ প্ৰদেশ বিজেপিয়ে৷ অকল শংখ, ঘণ্টাই নহয়, শপতগ্ৰহণক কেন্দ্ৰ কৰি প্ৰতিটো মুখ্য চাৰিআলিত লগোৱা হ’ব বৃহদাকাৰৰ হৰ্ডিং আৰু বেনাৰ৷
উত্তৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গোবিন্দ নাৰায়ণ শুক্লাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ২৫ মাৰ্চত লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যখনৰ সকলো জিলা, মণ্ডল আৰু শক্তিকেন্দ্ৰৰ কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বাবে, জিলা সভাপতিসকলক এখন তালিকা প্ৰস্তুত কৰিবলৈ আৰু ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷