পৌৰসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই নগৰ এলেকাসমূহত সম্প্ৰতি প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুগংত উঠিছে। আজি আৰম্ভ হোৱা টীয়ক পৌৰসভাৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত এক বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হয়। চাৰিটা ৱাৰ্ডেৰে গঠিত টীয়ক নগৰ সমিতি বৰ্ধিত জনসংখ্যাৰে এইবাৰ ১০ ৱাৰ্ডেৰে পৌৰসভালৈ উন্নীত হোৱাত মিত্ৰজোঁট দলৰ বিজেপিৰ ৬ গৰাকী আৰু গণ পৰিষদৰ ৪ গৰাকী প্ৰাৰ্থীৰ মাজত আসন ভাগ বতৰা হয়।
উল্লেখ্য যে, আঠ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত একেটা ৱাৰ্ডতে অসম গণ পৰিষদ দলৰো এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ এক বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হোৱাত মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কিছু স্থবিৰ হোৱাৰ লগতে টীয়ক পৌৰসভাত মিত্ৰজোঁট ভংগ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰিছে। ইতিমধ্যে জিলা সভাপতি হেমন্ত কলিতা টীয়কত উপস্থিত হৈ পৰিস্থিতীৰ বুজ লৈছে।