বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ চৰিদিনৰ কৰ্মসূচী লৈ বৰাক উপত্যকাত উপস্থিত হয় AIUDF প্ৰধান বদৰুদ্দিন আজমল৷ পিছে বান পৰিস্থিতিৰ বুজ ল’বলৈ আহিলেও উপস্থিত সংবাদমাধ্যমৰ সম্মুখত কংগ্ৰেছক গালি পাৰিবলৈ নেৰিলে আজমলে। আজমলে কয় যে ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে কংগ্ৰেছ নিশেষ হৈ আহিছে |
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰসংগত মন্তব্য কৰি কয়, “আমি কংগ্ৰেছ বা বিজেপিৰ হাতত বিক্ৰী যোৱা নাই। ভূপেন বৰা এজন পাগল আৰু পাগলৰ কাৰণেই কংগ্ৰেছৰ নাও বুৰিছে। ছোনিয়া মেডামে অসম কংগ্ৰেছত পাগল এজন বহুৱাই ৰাখিলে বুলি সেই পাগলৰ কথা AIUDFএ শুনিব লাগিব, এনে কোনো কথা নাই।”
আজমলে আকৌ কয়, অসমৰ বান পৰিস্থিতি অতি বেয়া হৈ আছে। অসমৰ বৰ্তমান চৰকাৰে অসমৰ বানপানীক গুৰুত্ব দিয়া নাই। মুখ্যমন্ত্রী হিমন্থ বিশ্ব শৰ্মাই কেন্দ্ৰক হেঁচা দিব পাৰা নাই।” আনহাতে বৰাক উপত্যকাত ভয়ংকৰ বানপানীয়ে ক্ষতিগ্ৰস্ত ৰাইজৰ সহায়ৰ বাবে ২০ হেজাৰ কোটি টকা পেকেজ কেন্দ্ৰীয় চৰকাৰক দাবী কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে আজমলে।