‘ভূপেন বৰা হ’ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জোকাৰ ’- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বুধবাৰে সাংবাদিকৰ আগত কয় যে ৰাজনৈতিক জোকাৰ বুলি যে কয় সেইটোৱে হ’ল ভূপেন বৰা। তেওঁ এজন জোকাৰ হিচাপে ভাল ৰস দি থাকে। চাৰ্কাচত যেনেকৈ জোকাৰজন ওলালে সকলোৱে হাত চাপৰি মাৰে- ভাল লাগে, ফুৰ্তি লাগে। কিন্তু জোকাৰজন চাৰ্কাচৰ মেইন মানুহ নহয়।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চাৰ্কাচৰ মেইন মানুহজন বেলেগ থাকে, কিন্তু ভূপেন বৰা চাৰ্কাচৰ মেইন মানুহ কেতিয়াও হ’ব নোৱাৰে। ভূপেন বৰাক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক পলিটিকেল জোকাৰ বুলি অভিহিত কৰে।