আজি পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে। বিয়লি ৪ বজাত বিহাৰৰ নতুন চৰকাৰৰ শপত গ্রহণ। নীতিশ কুমাৰৰ সৈতে তেজস্বী যাদৱেও শপত ল’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, দেশত বিজেপিৰ আগ্ৰাসন মাজতে বিজেপিক শলঠেকত পেলাই মঙলবাৰে পদত্যাগ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। জনতা দল(ইউনাইটেড)যে NDAৰ লগত থকা মিত্ৰতা ভংগ কৰি পদত্যাগ কৰে। লগতে বিহাৰত নতুন চৰকাৰৰ দাবী জনাই ১৬৪ জন বিধায়কৰ সমৰ্থনৰ এখন চিঠি ৰাজ্যপালক প্ৰদান কৰে JDU নেতা গৰাকীয়ে।
NDAৰ লগত মিত্ৰতা ভংগ কৰিয়েই নীতিশ কুমাৰে RJD, কংগ্ৰেছৰ লগতে প্ৰায় ৭ টা দলৰ লগত একত্ৰিত হয়। ২০২০ চনত অনুষ্ঠিত হোৱা বিহাৰ বিধান সভা নিৰ্বাচনত JDUয়ে ১১৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৪৩ খন আসনত জয় লাভ কৰিছিল। বিজেপিয়ে ৭৪ খন আসনত জয় লাভ কৰাৰ পাছতো নীতিশ কুমাৰক এৰি দিব লগা হৈছিল মুখ্যমন্ত্ৰী হিচাপে।
সেই নীতিশ কুমাৰেই বিজেপিৰ সংগ এৰি কংগ্ৰেছ, RJD সহ আন বিৰোধী দলৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখ্য যে, বিগত কেইটামান দিনত বিজেপিৰ কেইবাখনো সভাত উপস্থিত নাছিল নীতিশ কুমাৰ। তদুপৰি নীতি আয়োগৰ অনুষ্ঠানতো উপস্থিত নাছিল নেতা গৰাকী।