সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই বৰ্তমানৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰখনে সকলো সামগ্ৰীৰে দাম বৃদ্ধি কৰিছে। খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি, পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পাছত এইবাৰ চৰকাৰ আন এক হঠকাৰী সিদ্ধান্তই চকু কপালত তুলিছে সাধাৰণ জনতাৰ।
১ এপ্ৰিলৰ পৰা গাড়ী চালক তথা গৰাকীসকলে ৰাজ্যৰ সকলো টোল প্লাজাত ভৰিব লাগিব বৰ্তমানকৈ অধিক কৰ। শেহতীয়া সিদ্ধান্ত অনুসৰি ৰাজ্যত ১৮ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছে টোল কৰ৷ ক’ৰোনাৰ প্ৰকোপৰ পৰা সাধাৰণ জনতা ভালকৈ মূৰ দাঙি থিয় হব নোৱাৰা এই অৱস্থাতে মূল্যবৃদ্ধিৰ পৰা আদি কৰি টোল কৰ বৃদ্ধিৰ দৰে সিদ্ধান্তই সকলোকে অসন্তুষ্ট কৰিছে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই হঠকাৰী সিদ্ধান্তক লৈ এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ আগতেও ২০২১ৰ ২৮ মাৰ্চত বৃদ্ধি কৰা হৈছিল টোল কৰ। এই টোল কৰ বৃদ্ধি পোৱাৰ পাছতে ভয়াৱহভাৱে মূল্যবৃদ্ধি হৈছিল। এইবাৰো এই সিদ্ধান্তৰ পাছতে গাড়ী ভাড়াৰ পৰা আদি কৰি খাদ্য সামগ্ৰীলৈকে সকলোবোৰৰ আৰু মূল্যবৃদ্ধি হোৱাৰ আশংকা আছে। একাংশই এই সিদ্ধান্তক ৰাজ্যবাসীক বিহুৰ উপহাৰ দিয়া বুলিও কটাক্ষ কৰিছে।