নিষিদ্ধ ঘোষিত সংগঠন ULFA (স্বাধীন)-ত যোগদান কৰিছে উজনিৰ এজনৰ পাছত আন এজন যুৱকে৷ শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ দুজনকৈ যুৱকৰ ULFA (স্বাধীন)-ত যোগদানে চিন্তিত কৰিছে পৰিয়ালক৷ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ধেমেচী হালধিবাৰী গাঁৱৰ বিজু বৰগোহাঁইৰ যোগদানৰ পাছতে আন এজনে যুৱকে যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মৰাণৰ বেজপথাৰ গাঁৱৰ প্ৰয়াত লক্ষীপ্ৰসাদ চেতিয়াৰ পুত্ৰ বীৰেন চেতিয়া (৩১) নামৰ যুৱকজনে আলফা (স্বাধীন)-ত যোগদান কৰাৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালত৷ যোৱা ১০ মাৰ্চতে ঘৰৰ পৰা ওলাই যোৱা বুলি জানিবলৈ দিছে বিজুৰ অকলশৰীয়া মাতৃয়ে৷
২০১৯ চনত ULFA (স্বাধীন)-ত যোগদান কৰা বীৰেন চেতিয়া ওৰফে ৰণ্টু অসম ২০২০ চনত আৰক্ষী-সেনাবাহিনীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত জামিন লাভ কৰি ঘৰতে আছিল যদিও পুণৰ সংগঠনটোলৈ উভটি যোৱা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে৷ এই খবৰ লাভ কৰাৰ পাছতে শোকত ভাঙি পৰা যুৱকজনৰ মাতৃয়ে বিজুক ঘৰলৈ ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে৷