দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং। আজি দুপৰীয়া ৩বজাত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান। ৰবিবাৰে মণিপুৰত বিজেপিৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈ ঘোষণা মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছিল।
উল্লেখ্য যে, মণিপুৰৰ মুখ্যমন্ত্ৰীত্বৰ দৌৰত বীৰেন সিঙৰ লগতে বিশ্বজিত সিঙৰ নামো উত্থাপিত হৈছিল যদিও হাইকামাণ্ডে বীৰনে সিঙৰ ওপৰতে ভৰষা ৰাখে। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কিৰেন ৰিজিজুয়ে ঘোষণা কৰা বীৰেন সিঙৰ নাম।
উল্লেখ্য যে, বীৰেন সিং সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে আছিল এগৰাকী সুদক্ষ ফুটবলাৰৰ উপৰিও বি এছ এফতো কাম কৰিছিল আৰু এগৰাকী সাংবাদিক হিচাপেও কিছুদিন কাম কৰিছিল।