মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অহা এগৰাকী বিজেপি প্ৰাৰ্থীয়ে তেওঁৰ বিৰুদ্ধে থকা অপৰাধজনিত গোচৰৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰি বিপদত পৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্বে প্ৰতিজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত নিজৰ বিষয়ে সবিশেষ তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিব লাগে।
এগৰাকী প্ৰাৰ্থীৰ ব্যক্তিগত পৰিচয়, জীৱনৰ পৰা আৰম্ভ কৰি সম্পত্তিৰ তালিকা আৰু তেওঁৰ বিৰুদ্ধ যদিহে কোনো আইনী অভিযোগ, গোচৰ আছে তাৰ সবিশেষ তথ্যও দাখিল কৰিব লাগে। কিন্তু মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত ডাব্ৰা সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা এগৰাকী মহিলা প্ৰাৰ্থীয়ে তেওঁৰ বিৰুদ্ধে থকা অপৰাধজনিত গোচৰৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰা ঘটনা পোহৰলৈ আহিছে। ফলত এনে অপৰাধৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত গোচৰ ৰুজু কৰা হৈছে।
ডাব্ৰা সমষ্টিৰ পৰা বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইমাৰ্তি দেৱীক। উল্লেখ্য যে, ইমৰ্তি দেৱীৰ বিৰুদ্ধে অভিযোগদাখিল কৰা সংকেত চাহু নামৰ এগৰাকী ব্যক্তিৰ মতে এইগৰাকী বিজেপি প্ৰাৰ্থীয়ে ২০১৯ ৰ বিধানসভা নিৰ্বাচনৰ পৰা তেওঁৰ অপৰাধমূলক গোচৰ লুকুৱাই ৰাখিছে। তেওঁ ২০২৩ চনত পঞ্চমবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। তেওঁৰ বিৰুদ্ধে দুখন চহৰত ৭ টা গুৰুতৰ অপৰাধমূলক গোচৰ আছে। ইয়াৰে ৬ টা গোচৰ ডাব্ৰা আৰক্ষী থানাত আৰু এটা গোচৰ পিছোৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে।
তেওঁৰ বিৰুদ্ধে ভাবুকি, প্ৰৱঞ্চনা, ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি ইয়াৰ ব্যৱহাৰ কৰা আৰু অপৰাধৰ ষড়যন্ত্ৰ, কৰ ফাঁকি, চৰকাৰী সম্পত্তিৰ ক্ষতি আদিৰ দৰে গুৰুতৰ অভিযোগ আছে। এই গোচৰ ইমাৰ্তি দেৱীয়ে নিৰ্বাচন আয়োগৰ পৰা লুকুৱাই ৰখাৰ যি অভিযোগ উত্থাপন হৈছে সেই বিষয়ে নিৰ্বাচন আয়োগে পুনৰীক্ষণ কৰিব বুলি প্ৰকাশ কৰাৰ লগতে এই অভিযোগ সত্য প্ৰমাণিত হলে তেওঁৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও জনাইছে ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে।
উল্লেখ্য ২৩০ খন আসনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত। আনহাতে ইয়াৰ ফলাফল ঘোষণা কৰা হ’ব ৩ ডিচেম্বৰত। ৰাজ্যখনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিয়ে ২৩০ টা বিধানসভা সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰা বিপৰীতে আপে ৬৯, সমাজবাদী পাৰ্টীয়ে ৮০, চি পি আই এমে ৪, চি পি আইয়ে ৯, এ আই এম আইয়ে ২, জনতা দলে (সংযুক্ত) ৫, আজাদ সমাজ পাৰ্টীয়ে ৮০ খন আসনত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে বি এছ পি আৰু জি জি পি মিত্ৰজোঁটে ২৩০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।