ক’ৰনাই ভয়ংকৰ ভাবে গ্ৰাস কৰিছে বিজেপিৰ মুখ্য কাৰ্যালয়৷ ৰাজধানী দিল্লীস্থ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৫০জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯৷ ‘মঙলবাৰে কৰা পৰীক্ষা অনুসৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰী, বিভিজি কৰ্মচাৰী (পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সেৱাত নিয়োজিত), নিৰাপত্তা কৰ্মচাৰী আৰু মিডিয়াৰসহ ভাৰপ্ৰাপ্ত সঞ্জয় মায়ুখকে ধৰি প্ৰায় ৫০জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডত৷ ক’ভিড ধৰা পৰা আটায়ে ক’ভিড নিৰ্দেশনা মানি আছুতীয়াকৈ আছে৷
জানিব পৰা মতে কাৰ্যালয়টো ছেনিটাইজেচন কৰাৰ লগতে ক’ভিড-১৯ পৰীক্ষা নিয়মীয়াকৈ কৰা হৈছে৷ কেৱল কাৰ্যালয়ৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ কাৰ্যকলাপত নিয়োজিত থকা লোকহে মুখ্য কাৰ্যালয়লৈ আহিছে। মঙলবাৰে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ মূল সমিতিৰ এখন বৈঠক দলীয় কাৰ্যালয়ত অনুষ্ঠিত হৈছিল। বৈঠকৰ দ্বিতীয় পৰ্যায় আজি অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতে যোৱা ২৪ ঘণ্টাত প্ৰায় ১,৯৪,৭২০টা নতুন ক’ভিড-১৯ সংক্ৰমণ আৰু ৪৪২টা মৃত্যু নথিভুক্ত কৰিছে বুলি আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনায়।