দেশৰ ভিতৰতে সবাতোকৈ সম্পত্তিশালী ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় জনতা পাৰ্টি৷ সম্পত্তিৰ মুঠ পৰিমাণেৰে সকলো ৰাষ্ট্ৰীয় দলৰ শীৰ্ষত আৰোহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে৷ ‘এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য৷ ভাৰতীয় জনতা পাৰ্টিৰ ২০১৯-২০ বিত্তীয় বৰ্ষত সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৪,৮৪৭.৭৮ কোটি টকা৷ যি পৰিমাণ ভাৰতৰ সকলো ৰাজনৈতিক দলৰ ভিতৰত সৰ্বাধিক৷ তাৰ পাছত বহুজন সমাজ পাৰ্টিৰ ৬৯৮.৩৩ কোটি আৰু কংগ্ৰেছৰ সম্পত্তিৰ পৰিমাণ ৫৮৮.১৬ কোটি টকা৷
সংস্থাটোৱে ২০১৯-২০ বৰ্ষত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ সম্পত্তি আৰু দায়বদ্ধতাৰ বিশ্লেষণৰ আধাৰত এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। সংস্থাটোৰ বিশ্লেষণ অনুসৰি, ২০১৯-২০ বিত্তীয় বৰ্ষত সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪টা আঞ্চলিক দলে ঘোষণা কৰা মুঠ সম্পত্তিৰ পৰিমাণ আছিল ক্ৰমান্বয়ে ৬,৯৮৮.৫৭ কোটি আৰু ২,১২৯.৩৮ কোটি টকা৷ প্ৰতিবেদনত লগতে কোৱা হৈছে যে সাতটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত সৰ্বাধিক সম্পত্তি বিজেপিয়ে ঘোষণা কৰিছিল (৪৮৪৭.৭৮ কোটি টকা বা ৬৯.৩৭ শতাংশ), তাৰ পাছত বিএছপি (৬৯৮.৩৩ কোটি টকা বা ৯.৯৯ শতাংশ) আৰু কংগ্ৰেছে (৫৮৮.১৬ কোটি টকা বা ৮.৪২ শতাংশ)।
আনহাতে, ৪৪টা আঞ্চলিক দলৰ ভিতৰত শীৰ্ষ ১০টা দলৰ সম্পত্তিৰ মূল্য আছিল ২০২৮.৭১৫ কোটি টকা৷