কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে বশিষ্ঠস্থিত নৱ-নিৰ্মিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰিব অমিত শ্বাহে। আনহাতে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই।
শনিবাৰে পুৱা ১০.৩০ বজাত বিজেপিৰ নৱ-নিৰ্মিত ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰা হ’ব। তাৰ পাছতেই বিয়লি ১ বজাৰ পৰা খানাপাৰাত অনুষ্ঠিত হ’ব বিশাল জনসভা। এই জনসভাত অসমৰ বিভিন্ন প্ৰান্তৰ বিজেপিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিব।
আনহাতে, দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই শনিবাৰে ৪ বজাত ‘ড্রাগছমুক্ত উত্তৰ-পূব’ বিষয়ত এক বৈঠকত অংশগ্রহণ কৰিব।