গুৱাহাটী – বিজেপিয়ে বিটিচিত যিমানেই নির্বাচনী প্রচাৰ নচলাওক কিয়, এখনো আসন নাপায়, এই ঘোষণা বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ। কালি পর্বতঝোৰা ব্লক বিপিএফৰ উদ্যোগত দেৱীতোলা হাইস্কুলত আয়োজিত এখন নির্বাচনী সভাত ভাষণ প্রদান কৰি এই মন্তব্য কৰে হাগ্রামা মহিলাৰীয়ে।
ইফালে, হাগ্ৰামা মহিলাৰীৰ শাসনকালত বিটিচিত কোনো দুর্নীতি সংঘটিত হোৱা নাই বুলি দাবী কৰি তেওঁ কয়, বিগত প্রায় ৬ মাহ ধৰি চলি থকা ৰাজ্যপালৰ শাসনকালত কোনোধৰণৰ দুর্নীতি হোৱাৰ তথ্য উন্মোচিত নোহোৱা ঘটনাই তাকেই প্রমাণ কৰিছে৷ ২০২১ চনৰ এপ্রিললৈ বিটিচিৰ পৰা কোনো অনা বড়োৰ গাঁও কর্তন কৰা নহয় আৰু নতুন কোনো গাঁও নোসোমায়৷’
সভাত বিপিএফ প্রার্থী মুনমুন ব্রহ্ম, প্রাক্তন ইএম বনমালী বড়োকে ধৰি বহুসংখ্যক নেতা উপস্থিত থাকে৷