মুম্বাইস্থিত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ল। যুদ্ধ জাহাজ আই এন এছ ৰণবীৰৰ আভ্যন্তৰীণ কম্পাৰ্টমেণ্টত সংঘটিত হয় এই বিস্ফোৰণ। মঙ্গলবাৰে সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত ৩ জন নৌসেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে ১১ জন জোৱান আহত হৈছে। আহত জোৱানসকলক স্থানীয় নৌসেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বিস্ফোৰণটোৰ পিছতেই কম্পাৰ্টমেণ্টটোত জুই লাগে। বৰ্তমানলৈকে বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। আই এন এছ ৰণবীৰে ২০২১ চনৰ নৱেম্বৰৰ পৰা উপকূলীয় অঞ্চলত কাৰ্যকৰী ভাৱে নিয়োজিত হৈ আছিল। যুদ্ধ জাহাজখনত বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত সাগৰত সুৰক্ষামূলক ব্যৱস্থাৰ অধীনত তহল দি আছিল আৰু কিছু সময়ৰ পিছতেই আধাৰ বন্দৰলৈ ঘূৰি অহাৰ কথা আছিল। ভাৰতীয় নৌসেনাৰ বিষয়াসকলৰ মতে আইএনএছ ৰণবীৰ ইষ্টাৰ্ণ নেভেল কমাণ্ডৰ পৰা ক্ৰছ কোষ্ট অপাৰেশ্যনেল ডিপ্লয়মেণ্টত আছিল আৰু শীঘ্ৰেই আধাৰ বন্দৰলৈ উভতি অহাৰ কথা আছিল। আই এন এছ ৰণবীৰ হৈছে ভাৰতীয় নৌসেনাৰ পাঁচটা ৰাজপুত শ্ৰেণীৰ ধ্বংসকাৰী যুদ্ধ জাহাজৰ ভিতৰত চতুৰ্থটো। ১৯৮৬ চনৰ ২১ এপ্ৰিলত এই যুদ্ধ জাহাজখন ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল।