আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয়ত ১৪ জুনত “বিশ্ব ৰক্তাদাতা দিৱস – ২০২৩” উপলক্ষ্যে ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটীৰ নাৰায়ানা ছুপাৰ স্পেচেলিয়েটি হস্পিতালৰ সহযোগত অনুষ্ঠিত শিবিৰত হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মতিউৰ ৰহমানৰ নেতৃত্বত এটা আঠজনীয়া চিকিৎসক, চিকিৎসাকৰ্মী , নাৰ্চ আৰু পেৰা মেডিকেল কৰ্মীয়ে সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছিল।
উল্লেখযোগ্য যে এইবাৰৰ ‘বিশ্ব ৰক্তদাতা দিবস-২০২৩ ৰ বিষয়বস্তু হৈছে ‘তেজ দিয়ক, প্লাজমা দিয়ক, জীৱন ভাগ কৰক, সঘনাই ভাগ কৰক। শিবিৰত ডাঃ ৰহমানে ৰক্তদানৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে আৰু কয় যাতে য’তেই ৰক্তৰ প্ৰয়োজন হয় তাতেই সদায় ৰক্ত উপলব্ধ হয়। তেজ হ’ল আন এজন ব্যক্তিক যিকোনো ব্যক্তিয়ে দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ। তেওঁ স্বেচ্ছামূলক ৰক্তদানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আনহাতে শিবিৰত বি আৰ অ’ৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰবীণ কুমাৰ হনুমন্ত সিঙকে ধৰি ১২ জন বিষয়া , অভিযন্তা , জুনিয়ৰ কমিচনড অফিচাৰ, জোৱানে স্বেচ্ছাই ৰক্তদান কৰে। তেনেদৰে ৪৫ জনে আগন্তুক দিনত ৰক্তদান কৰিব বুলি শপত গ্ৰহণ কৰে।