এতিয়াৰে পৰা কিছুমান বিশেষ শব্দ সংসদত প্ৰয়োগ কৰিব নোৱাৰিব, এই বিশেষ শব্দবোৰ লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত অসাংবিধানিক বুলি গণ্য কৰা হ’ব। বিৰোধী দলসমূহে শব্দ প্ৰয়োগ কৰোতে হ’ব লাগিব অধিক সংযমী। ১৮ জুলাইৰ সংসদ অধিবেশনৰ আগে আগে অসাংবিধানক বুলি ঘোষণা কৰিছে লোকসভা সচিবালয়ে।
‘ব্লাডী’ ‘কাৱাৰ্ড’, ‘অপৰাধী’, ‘দাদাগিৰি’, ‘দালাল’, ‘ডংগা’, ‘ডিক্টেটৰীয়েল’, ‘গাধ’, ‘বাহানা’, ‘জুমলাজীৱী’, ‘শকুনি’, ‘এনাৰছিষ্ট’, শব্দ প্ৰয়োগ কৰিব নোৱাৰিব। ‘ববকাট’, ‘ড্ৰামা’, ‘ঘঁৰিয়ালৰ চকুপানী’, ‘চাইল্ডিছনেছ’, ‘কৰাপ্ট’, ‘বালবুদ্ধি’, ‘খুন ছে খেতি’ ক’ভিড স্প্ৰেডাৰ, ‘ফুলিচ’, ‘গাড্ডাৰ’, ‘হিপ’ক্ৰেছি’, ‘তানাছাহী’, ‘নৌটংকী’ শব্দ প্ৰয়োগ কৰিব নোৱাৰিব সদনত। লগতে ‘কালা দিন’, ‘খালিস্তানী’, ‘বেহৰি চৰকাৰ’, শব্দবোৰ এতিয়াৰে পৰা সংসদত অসাংবিধানক।
বুকলেটৰ মতে, বিনাশ পুৰুষ’, ‘ধিন্দৌৰা পিটনা’, ‘নিকম্মা’, ‘ব্লাডশ্বেড’, ‘বিট্ৰেইড’, ‘এছেমড’, ‘এবিউজ’, ‘চিটেড’, ‘চামচা’, ‘চামচাগিৰি’, ‘ক্ৰিমিনেল’ ‘ডিছগ্ৰেচ’, ‘আইৱাশ্ব’, ‘হুলিগেনিজম’, ‘ইনকম্পেটেণ্ট’, ‘মিছলিড’, ‘আনট্ৰু’ আদি শব্দও সংসদত অসাংবিধানিক হিচাপে গণ্য কৰা হ’ব। লগতে ক’ব নোৱাৰিব, ‘গুনছ’, ‘অসত্য’, ‘অহংকাৰ’, ‘কলা বাজাৰী’, ‘দোহৰা চৰিত্ৰ’, ‘ছেক্সুৱেল হাৰাছমেণ্ট’, ‘পিত্থু’, ‘গিৰগিট’, ‘বেচাৰা’, ‘ললীপপ’, ‘বিশ্বাসঘাত’, ‘সংবেদনহীন’ আদি শব্দও প্ৰয়োগ কৰিব নোৱাৰিব সংসদত।