দীপৰ বিলৰ বুকুত শতাধিক নাৱেৰে চলিব নৌকাবিহাৰ। অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য তথা ৰামচাৰ চাইট খ্যাত দীপৰ বিললৈ অহা দেশী-বিদেশী পৰ্যতকে নাৱত উঠি পৰিভ্ৰমী পক্ষী জলকেলি আৰু সৌন্দৰ্য উপভোগ কৰিব পাৰিব। উল্লেখ যে, অসম চৰকাৰৰ উত্তৰণ আঁচনিৰ ১০কোটি ,পৰ্যটন বিভাগৰ ৫কোটি আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ৪কোটি মুঠ ১৯কোটি টকা ইতিমধ্যে দ্বীপৰ বিলৰ পৰ্যটন উন্নয়নৰ বাবে অনুমোদন হৈ আছিল। কিন্তু বন বিভাগ আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ বাধাৰ বাবে অনুমোদন হৈ থকা ধন ইমান দিনে কাৰ্যকৰী হোৱা নাছিল।পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কালি পৰ্যটন মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা লগতে বন,বন্য প্ৰাণী সংৰক্ষণ আৰু পৰ্যটন বিভাগৰ শীৰ্ষতম বিষয়ৰ উপস্থিতিত দ্বীপৰ বিলত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বন আৰু বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ সন্মতি মৰ্মে দ্বীপৰ বিলক পৰ্যটনৰ আকৰ্ষণ স্থলী হিচাবে গঢ় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি দ্বীপৰ বিলৰ বুকুত প্ৰায় ১০০খন House boat আৰু উন্নত মানদণ্ডৰ নৌকা বিহাৰৰ ব্যৱস্থা কৰা হ’ব। এই সিদ্ধান্তই দীপৰ বিললৈ পৰ্যটনৰ ক্ষেত্ৰত এক আশাৰ ৰেওনি কঢ়িয়াই আনিছে।