কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱা জনছনে প্ৰধানমন্ত্ৰীৰ পদো এৰিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে। কোন মুহূৰ্তত ক্ষমতাহীন হয় জনছন সেয়া এতিয়া সময়ে ক’ব। কিন্তু এই কথা নিশ্চিত হৈছে যে দীৰ্ঘ সময়ৰ বাবে প্ৰধানমন্ত্ৰী হৈ নাথাকিব বৰিছ জনছন। বৃটেইনৰ ৰাজনীতিত ধুমুহা তুলি মন্ত্ৰীসভাৰ পৰা ৫০ জনতকৈ অধিক সদস্যই পদত্যাগ কৰিছে। একেদৰে মাত্ৰ ২ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিছে ৮ জনকৈ মন্ত্ৰী আৰু ২ জন ৰাজ্যিক সচিৱে। এই মন্ত্ৰী তথা সদস্যসকলে বৰিছ জনছনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে।
এই বিদ্ৰোহ ইমানেই শক্তিশালী হৈছে যে তেওঁলোকৰ বিদ্ৰোহৰ সন্মুখত তিস্তি থাকিব নোৱাৰি বৰিছ জনছনে কনজাৰ্ভেটিভ পাৰ্টীৰ মূৰব্বীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰীৰ পদো তেওঁৰ হাতৰ পৰা আঁতৰি গৈছে। এতিয়া দলটোৰ নতুন নেতা নিৰ্বাচিত হ’লেই বৰিছ জনছনে ত্যাগ কৰিব লাগিব প্ৰধানমন্ত্ৰীৰ পদ। অৱশ্যে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে বৰিছ জনছনৰ হাততেই থাকিব প্ৰধানমন্ত্ৰীৰ পদ। বিবিচিৰ বাতৰি অনুসৰি দলটোৰ নতুন নেতা নিৰ্বাচিত হ’ব চলিত বছৰৰ অক্টোবৰ মাহত। সেয়েহে অক্টোবৰলৈকে বৰিছ জনছনেই প্ৰধানমন্ত্ৰী হৈ থাকিব।
উল্লেখ্য যে, ২০১৯ চনত সংখ্যাগৰিষ্ঠাতাৰে ক্ষমতালৈ অহা কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বী বৰিছ জনছনে বৃটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু শেহতীয়াকৈ কেইবাটাও বিতৰ্কত সোমাই পৰা বৰিছ জনছনৰ বিৰুদ্ধে তেওঁৰেই সতীৰ্থ মন্ত্ৰী আৰু সদস্য তথা সাংসদ বিদ্ৰোহী হৈ উঠিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বৰিছ জনছনৰ সমৰ্থনত থিয় হৈছে মাত্ৰ দুই, এজন সদস্যহে। আনকি কালি অৰ্থাত বুধবাৰে বৃটেইনৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱা নদীম জহাৱীয়েও বৰিছ জনছনক পদত্যাগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ টুাইটাৰত কৈছে যে- আপোনাৰ নিজৰ বাবে, কনজাৰ্ভেটিভ পাৰ্টীৰ বাবে, আমাৰ দেশৰ বাবে আপুনি সঠিক পদক্ষেপ ল’ব লাগিব আৰু পদত্যাগ কৰিব লাগিব। মাত্ৰ ২ দিন পূৰ্বে বৃটেইনৰ শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা মিচেল ডনেলানে বৃহস্পতিবাৰে চৰকাৰ পতনৰ পিছতে কয় যে,- প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁক অতি কঠিন অৱস্থাত ৰাখিছে।