দীৰ্ঘদিনীয়া বিবাদ আৰু আলাপ-আলোচনাৰ অন্তত অসম-মেঘালয় সীমান্তৰ বিবদমান গাঁও সন্দৰ্ভত মেঘালয় বিধানসভাত কনৰাড চাংমাৰ ঘোষণা- বিবদমান ৩৬খন গাঁৱৰ ৩০খনেই থাকিব মেঘালয়ৰ দখলত৷ চাংমাই কয় ৩৬খন গাঁৱে ৩৬.৯ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে, আনহাতে ৩০ খন গাঁৱে আৱৰি আছে ১৮ বৰ্গ কিলোমিটাৰ এলেকা৷ অসম-মেঘালয় সীমান্তৰ ৩৬খন বিবদমান গাঁৱৰ ৩০খন গাঁৱক দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিয়ে মেঘালয়ত থাকিবলৈ পৰামৰ্শ দিছে বুলি মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয় বিধানসভাত সদৰী কৰে৷
আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে অসম চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অগ্ৰগতি সন্দৰ্ভত সদনক সম্বোধন কৰি কয় চাংমাই কয় যে, দুয়োখন ৰাজ্যই ইতিমধ্যে চিনাক্ত কৰা ১২টা ক্ষেত্ৰত কোনো নতুন ক্ষেত্ৰ যোগ কৰা নহ’ব বুলি সন্মত হৈছে। তেওঁ লগতে কয়, ২০১১ত মেঘালয়ে দাবী কৰা ৩৬খন গাঁৱৰ ভিতৰত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিয়ে অসম-মেঘালয় সীমান্তৰ ৩৬খন বিতৰ্কিত গাঁৱৰ ৩০খনক মেঘালয়ে ৰখাৰ বাবে ৩০খন গাঁৱৰ সদস্যতা ল’বলৈ পৰামৰ্শ দিছে বুলি চাংমাই বিধানসভাত অৱগত কৰে৷
অৱশ্যে, সীমা নিৰ্ধাৰণৰ পাছত ভূমিৰ মালিকীস্বত্ব প্ৰভাৱিত নহ’ব বুলি তেওঁ উল্লেখ কৰে৷ সীমান্তৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে মেঘালয়ৰ গাঁওখন বিচ্ছিন্ন হোৱাৰ আশংকাত তাৰাবাৰী অঞ্চলত মেঘালয়ে দাবী কৰা আঠখন গাঁও ৰাজ্যখনত থাকিব। গিজাঙত, তিনিখন দাবী কৰা গাঁৱৰ ভিতৰত দুখন থাকিব মেঘালয়ৰ লগত৷ একেদৰে, হাহিমৰ ১২খন দাবী কৰা গাঁৱৰ ভিতৰত ১১খন, ভোকলাপাৰাৰ দুখনৰ এখন, খানাপাৰা-পিল্লিংকাটাত ছয়খনৰ ভিতৰত পাঁচখন আৰু ৰাটাচেৰাত পাঁচখনৰ তিনিখন গাঁও মেঘালয়ৰ দখলত থাকিব বুলি চাংমাই সদৰী কৰে৷
বিবদমান এলেকাৰ অন্তৰ্ভুক্ত গাঁওসমূহৰ নিৰাপত্তা, স্থায়ী সীমা আদি বিষয়ক লৈ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত৷ বৰ্তমান সকলো বিষয় নস্যাৎ কৰি কনৰাম চাংমাই অসম চৰকাৰ তথা অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়া লক্ষ্যণীয় হ’ব।