অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানক দুই মুখ্যমন্ত্ৰীৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে। দিনৰ ১১বজাৰ পৰা কইনাধৰাত আৰম্ভ হৈছে এই গুৰুত্বপূৰ্ণ বৈঠকখন। এই বৈঠকতে দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰা প্ৰয়োজন যে, সীমা সমস্যাক লৈ দীৰ্ঘদিনে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল যদিও এই সমগ্ৰ প্ৰক্ৰিয়াক চূড়ান্ত ৰূপ দিয়াৰ বাবে আজি দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী বৈঠকত বহিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ কনফাৰেন্স যোগে শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ উপায়ুক্তসকলৰ সৈতে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিছিল। উল্লেখ্য যে, অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলে বেদখল কৰি ৰাখিছে। ইয়াৰে শোণিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথৰ ৪৭৫১ হেক্টৰ, লখিমপুৰৰ ১৯৭৫.৪১হেক্টৰ, ধেমাজিৰ ১০৫৫.৭৪কোটি, ডিব্ৰুগড়ৰ ১০ আৰু চৰাইদেউৰ ৬০২.০১ হেক্টৰ অসমৰ ভূমি বেদখল কৰি ৰাখিছে অৰুণাচলে।