গুৱাহাটী – বিটিআৰ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ক্ৰমাৎ বিগত প্ৰায় ১৭ বছৰ ধৰি বিটিচি নিজৰ দখলত ৰখা বিপিএফ দলত ব্যাপক খহনীয়া দেখা গৈছে। শেহতীয়াকৈ কালি প্ৰায় তিনি শতাধিক বি পি এফ নেতা কৰ্মীয়ে তামুলপুৰত দল ত্যাগ কৰি আনুস্থানিকভাৱে বিজেপি দলত যোগদান কৰে।
তামুলপুৰ সমষ্টিৰ অন্তৰ্গত গয়বাৰী মণ্ডল বিজেপিৰ কাৰ্যালয় চৌহদত অনুস্থিত এক যোগদান সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰানী দাস বড়োই কয়, ‘বি টি আৰত এইবাৰ নতুন দিগন্তৰ সূচনা হ’ব। এইবাৰৰ বিটিআৰ নিৰ্বাচন হ’ব প্ৰত্যাহ্বানৰ নিৰ্বাচন, গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন, সু-শাসন প্ৰতিস্থা কৰাৰ নিৰ্বাচন, অধিকাৰ ৰক্ষাৰ নিৰ্বাচন’।
তেওঁ লগতে কয়, ‘হাগ্ৰামা এতিয়া নিসংগ ৷ মহিলাৰীৰ সোঁহাত-বাওঁহাত স্বৰূপ বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী এতিয়া হাগ্ৰামাৰ সংগ এৰিলে। দুয়ো গৰাকী নেতাই অচিৰেই বিজেপি দলত যোগদান কৰিব আৰু তামুলপুৰ সমষ্টিত এক নতুন মাত্ৰা প্ৰদান কৰিব। বি টি আৰবাসীয়ে এতিয়া বিজেপিক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।’
গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হৰেন্দ্ৰনাথ ৰাভাৰ সভাপতিত্বত অনুস্থিত আজিৰ যোগদান সভাত গয়বাৰী ব্লক বি পি এফৰ সাধাৰণ সম্পাদক জাৰমল ব্ৰহ্ম, শুকুৰ সিং ব্ৰহ্ম, জনক ব্ৰহ্মৰ নেতৃত্বত প্ৰায় তিনি শতাধিক গয়বাৰী ব্লক বি পি এফ নেতা কৰ্মীয়ে আনুস্থানিকভাৱে বিজেপি দলত যোগদান কৰে।