অহা মার্চ মাহত অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব৷ সমাগত ৰাজ্যসভা নির্বাচনৰ পূর্বে অসমৰ ৰাজনীতিত বৃহৎ পৰিৱর্তন অহাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল যিকোনো মুহূর্ততে বিজেপিৰ মিত্রদল হিচাপে আত্মপ্রকাশ কৰাৰ বিপৰীতে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত পুনৰ মিত্রতা স্থাপন হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ভাষ্যতেই স্পষ্ট হৈ পৰিছে অসমৰ ৰাজনীতিৰ এই বৃহৎ পৰিৱর্তনৰ ছবিখন৷ উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা বি পি এফ দল বিজেপিৰ মিত্র হ’ব বুলি ব্যাপক চর্চা চলি আহিছে৷ দলটোৰ বিভিন্নগৰাকী নেতাৰ ভাষ্যত সেই কথা প্রকাশ পাই আহিছিল৷
শেহতীয়াকৈ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিজেপিৰে মিত্রতা সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কথা–বতৰা পতাৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ আজি বাক্সা জিলাৰ মুছলপুৰৰ বাথৌপুৰীত অনুষ্ঠিত বি পি এফৰ ৭৮সংখ্যক কেন্দ্রীয় কার্যনির্বাহক সভাত অংশগ্রহণ কৰি মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে এবাৰ–দুবাৰ নহয়, কেইবাবাৰো আলোচনাত মিলিত হৈছে৷ শীঘ্রেই ভাল খবৰ আহিব বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে দলৰ ইতিমধ্যে সিদ্ধান্ত আছে– দলৰ ভালৰ কাৰণে যিকোনো কাম কৰিব পাৰিব৷ মুখ্যমন্ত্রী সদায় ইতিবাচক বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে তেওঁ আৰু মুখ্যমন্ত্রী ভালে থাকিলে সকলো সম্ভৱ৷ সেইদৰে বি পি এফৰ বিধায়কে বিজেপিক সাক্ষাৎ কৰাৰ প্রসংগত তেওঁ কয় যে তেওঁৰ অনুমতি লৈহে তেওঁলোকে সেয়া কৰিছে৷ হাগ্রামা মহিলাৰীৰ আজিৰ এই ভাষ্যতেই অচিৰেই যে বি পি এফ দল বিজেপিৰ মিত্র হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷