গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ লকডাউনৰ বাবে স্থগিত কৰা হৈছিল বিটিএডিৰ নিৰ্বাচন৷ সংবিধানৰ নিয়ম অনুসৰি অসমৰ ৰাজ্যপালে বিটিএডিৰ শাসনভাৰ নিজৰ হাতত তুলি লৈছিল৷ কিন্তু সংবিধানৰ দফা অনুসৰি বিটিএডিত বিপিএফে আৰু ছয়মাহ তথা এবছৰলৈ শাসন চলাব পাৰে বুলি দাবী তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ৷
অৱশেষত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে বিপিএফৰ আৱেদন নাকচ কৰি বিটিএডিত ৰাজ্যপালৰ শাসন থাকিব বুলি ঘোষণা কৰিলে৷ উচ্চ ন্যায়ালয়ে দিয়া এই ৰায়দানৰ পাছত প্রতিক্রিয়া প্রকাশ কৰিছে দুয়োটা দলৰ নেতাসকলে৷ প্রতিক্রিয়া প্রকাশ কৰি বিপিএফৰ ভাতৃ সংগঠন বড়োলেণ্ড ছাত্র সন্থা (বিএছইউ)ৰ কেন্দ্রীয় সভাপতি সৌগমছাৰ বসুমতাৰীয়ে কয় যে উচ্চ ন্যায়ালয়ে এনেধৰণৰ ৰায় দিব বুলি বিপিএফে পূর্বতে অৱগত আছিল৷
আনহাতে ৰায়দানৰ সন্দর্ভত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ কেন্দ্রীয় কার্যনির্বাহক সমিতিৰ সদস্য পৃথ্বিৰাজ দেব মেচে কোকৰাঝাৰত ‘বড়োলেণ্ড ৰাদাব’ নামৰ সংবাদ মাধ্যমৰ কার্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট