ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাব চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে৷ ৰাজ্যখনৰ বিৰোধী দলসমূহে ইতিমধ্যে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি আৰু অন্যান্য বিষয়ত শাসনাধিষ্ঠিত আপৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছে। এই অধিৱেশনতে ৰাজ্যখনৰ বিত্তমন্ত্ৰী হৰপাল সিং সীমাই ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব আৰু তাৰ পাছত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব।
বিৰোধী কংগ্ৰেছ, বিজেপি আৰু এছএডিয়ে আইন-শৃংখলাৰ অৱনতিৰ অভিযোগত ভগৱন্ত মানৰ চৰকাৰক লক্ষ্য কৰি লৈছে৷ তেওঁলোকে ৰাজ্য চৰকাৰক প্ৰতিশ্ৰুতি পূৰণত হোৱা ব্যৰ্থতাৰ বাবেও সমালোচনা কৰিছে। ইফালে, মুখ্যমন্ত্ৰীয়ে যোৱা মাহত কৈছিল যে তেওঁৰ চৰকাৰে কাগজবিহীন বাজেট উপস্থাপন কৰিব। লক্ষ্যণীয়ভাৱে, মাৰ্চ মাহত পঞ্জাৱ বিধানসভাই ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ (এপ্ৰিল-জুন) ভোট-অন-একাউণ্ট পাছ কৰিছিল। ৰাজ্যখনৰ ১১৭টা পঞ্জাব বিধানসভা খণ্ডৰ ৯২টা সমষ্টিত জয়লাভ কৰাৰ পাছত মাৰ্চ মাহত আম আদমী পাৰ্টি (আপ) ক্ষমতালৈ আহিছিল। আপ চৰকাৰে ৰাজ্যিক বাজেটৰ বাবে সাধাৰণ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিল, যাক মন্ত্ৰী সীমাই জনতাৰ বাজেট হ’ব বুলি মন্তব্য কৰিছিল৷