নিৰ্বাচন আয়োগে আজি মাজুলী বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী। আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২১ ফেব্ৰুৱাৰী। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিটোৰ ভোট গণনা ১০ মাৰ্চত আৰম্ভ হ’ব আৰু ১২ মাৰ্চৰ ভিতৰত নিৰ্বাচনৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ নিৰ্বাচনী আয়োগে নিৰ্দেশ দিছে। লগতে সম্পূৰ্ণ ক’ভিড নীতি অনুসৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও সংশ্লিষ্ট কৰ্তৃপক্ষক আয়োগে আহ্বান জনাইছে।
উল্লেখ্য যে, বিগত নিৰ্বাচনত মাজুলী সমষ্টিৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজয়ী হৈছিল। পিছত সোণোৱালে বিধায়ক পদৰ পৰা পদত্যাগ কৰে আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হোৱাত মাজুলী সমষ্টিৰ আসনখন বৰ্তমান বিধায়ক বিহীন হৈ আছে।