মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগই ৰাজ্যত গুৰুত্বপূৰ্ণ হৈ পৰা সমষ্টিটোত ইতিমধ্যে ৰাজনীতিৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ হাইপ্ৰফাইল নেতাই ইতিমধ্যে সমষ্টিটোত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু অনাগত সময়তো বহু নেতাই নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হ’বহি।
উল্লেখ্য যে, মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম আৰু বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মাজতে মূল নিৰ্বাচনী যুঁজখন চলাটো প্ৰায় নিশ্চিত। দুয়োজন প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ইতিমধ্যে বিভিন্ন নেতা উঠিপৰি লগা দেখা গৈছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ২৭ ফ্ৰেব্ৰুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী, তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলীলৈ আহিব।
সোণোৱালে সেইদিনা মাজুলীত উপস্থিত হৈ প্ৰথমেই নামনি মাজুলীৰ মহৰিচুক জনজাতি হাইস্কুলৰ খেলপথাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব। দিনৰ ২ বজাত সোণোৱালে দক্ষিণপাটত হ’ব লগীয়া দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। সন্ধ্যা পাঁচ বজাত দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়ত আৰু আউনীআটী সত্ৰত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো ২৭ ফ্ৰেব্ৰুৱাৰীত মাজুলীত পৃথকে নিৰ্বাচনী প্ৰচাৰ চলাব। ভবেশ কলিতাই সেইদিনা দুপৰীয়া টটয়া মিলন সংঘত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত নতুনবজাৰৰ আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। তেওঁ সেইদিনা সন্ধ্যা ৫ বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় এখন সভাত অংশগ্ৰহণ কৰি কমলাবাৰীৰ নিৰিবিলি অতিথিশালাত ৰাত্ৰী যাপন কৰিব।
আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ৩ মাৰ্চত মাজুলীলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাব। মুঠৰ ওপৰত মাজুলী সমষ্টটোক লৈ বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক নেতাসকল ব্যস্ত হৈ পৰিছে।