ৰাজ্যখনৰ চাহ বাগিচাসমূহত নিৰ্মাণ কৰি থকা ১১৭খন হাইস্কুলৰ ভিতৰত ৯৭খনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু এই ৯৭খন হাইস্কুলত আগন্তুক বহাগ বিহুৰ পৰা পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ৰাজ্যিক কেবিনেটে শনিবাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বৈঠকে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই বিদ্যালয়কেইখনত ৭০৫গৰাকী শিক্ষকক অস্থায়ীভাৱে আন বিদ্যালয়ৰ পৰা নি নিয়োগ কৰা হৈছে আৰু দুমাহৰ ভিতৰত স্থায়ীভাৱে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰে৷
ইতিমধ্যে শিক্ষা বিভাগৰ অধীনত ২৫খন মডেল স্কুলত চি বি এছ ইৰ পাঠ্যক্ৰম চলি আছে আৰু আজি ১৩খন মডেল স্কুল চি বি এছ ইৰ পাঠ্যক্ৰমৰ অধীনত পৰিচালনা কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়৷ এই বিদ্যালয়কেইখনত ৬৫গৰাকী শিক্ষকক আন স্কুলৰ পৰা আনি অস্থায়ীভাৱে নিযুক্তি দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও সদৰী কৰে৷ কেবিনেটৰ বৈঠকে অসম লোকসেৱা আয়োগত অধ্যক্ষ আৰু সদস্য নিযুক্তিৰ ক্ষেত্ৰত নিয়মৰ কেতবোৰ সংশোধনীত অনুমোদন জনায়৷ এতিয়াৰ পৰা আয়োগৰ অধ্যক্ষ বা সদস্য হ’বলৈ হ’লে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ বিষয়া পৰ্যায়ৰ পদত ১০ বছৰ কাৰ্যনিৰ্বাহ কৰা অথবা চৰকাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিত অধ্যাপক, সহযোগী অধ্যাপক পদত কাৰ্যনিৰ্বাহ কৰা হ’ব লাগিব৷
চাৰ্টাৰ্ড একাউটেণ্ট, চিকিৎসক, প্ৰতিষ্ঠিত অধিবক্তা আদিও এই পদৰ বাবে উপযুক্ত হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ পৌৰসভা, পৌৰ নিগম, নগৰ সমিতি আদি এলেকাত বসবাস কৰি অহা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰতো কেবিনেটে নিয়মৰ কিছু সালসলনি কৰে৷