অতি শীঘ্ৰেই সমগ্ৰ দেশত কাৰ্যকৰী হ’ব নাগৰিকত্ব সংশোধনী আইন বা CAA! শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰি কয়, লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী সন্দৰ্ভত জাননী জাৰি কৰা হ’ব।
উল্লেখ্য যে, ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত দেশজুৰি সৃষ্টি হোৱা ব্যাপক আন্দোলন, প্ৰতিবাদৰ মাজতে গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন। এই আইন অনুসৰি বাংলাদেশ, পাকিস্তান, আফাগানিস্তান আদি দেশত ধৰ্মীয় উৎপীড়নৰ বাবে হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভাৰতত আশ্ৰয় বিচাৰিলে তেনে তেওঁলোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন গৃহীত হ’লেও এই পৰ্যন্ত এই আইনৰ কোনো ধাৰা তৈয়াৰ কৰা হোৱা নাই। অৱশ্যে জানুৱাৰী মাহত এই আইনৰ ধাৰা তৈয়াৰ কৰাৰ বাবে সপ্তমবাৰৰ বাবে সময়সীমা বৃদ্ধি কৰিছিল সংসদীয় সচিবালয়ে।
জানিব পৰা মতে এই আইনৰ ধাৰাসমূহ তৈয়াৰ সম্পূৰ্ণ হৈছে। ইফালে আন এক চৰ্চা অনুসৰি লোকসভা নিৰ্বাচনত হিন্দু ধৰ্মীয় ভোটাৰৰ মন জয় কৰিবলৈ শাসকীয় চৰকাৰে নিৰ্বাচনৰ ঠিক আগে আগে এই আইন কাৰ্যকৰীকৰণৰ জাননী জাৰি কৰিব। অমিত শ্বাহে কয়, নাগৰিকত্ব সংশোধনী আইন দেশৰ এখন আইন। সেয়া অৱশ্যেই কাৰ্যকৰী কৰা হ’ব। এই বিষয়ে কোনো সংশয় থকা উচিত নহয়। গৃহমন্ত্ৰী অমিত শ্বাহৰ এনে ঘোষণাৰ পাছত এতিয়া এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সংগঠন, দল, নেতা বোৰৰ ভূমিকা কি হয় সেয়া হ’ব লক্ষ্যণীয়।