CAAক লৈ পুনৰ সৰৱ হৈ পৰিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অতি শীঘ্ৰেই CAA বলৱৎ কৰা হব বুলি অমিত শ্বাহে মন্তব্য কৰাৰ পিছতেই ইয়াৰ বিপক্ষে পুনৰ সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকী।
ভট্টাচাৰ্যই কয়, CAA অসমত বলৱৎ হ’বলৈ দিয়া নহ’ব। উত্তৰ–পূব অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিব লাগিব। কোনো এখন চৰকাৰে আজিলৈকে অসম চুক্তি ৰূপায়ন কৰিবলৈ সক্ষম নহ’ল।’
CAAক লৈ আমি নিজৰ স্থিতিত অটল থাকিম বুলি মন্তব্য কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয়, CAA কোনোকালেই অসমত বলৱৎ হ’বলৈ দিয়া নহ’ব। CAAৰ বিৰুদ্ধে সংগ্ৰাম চলি থাকিব।