অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বছৰটোৰ পুঁজিৰ দ্বিতীয়টো অংশ ৩২৪.৪০ কোটি টকা আজি মুকলি কৰি দিয়ে।
We’re immensely grateful to Hon PM Shri @narendramodi ji for the generous act of the Central Government for release of Rs 324.40 cr as advance share of State Disaster Response Fund (SDRF). This will help combat the current floods & as also in making provisions for flood victims. pic.twitter.com/cQOlEMA5kk
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 7, 2022
টুইটযোগে এই কথা জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে,”কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ অগ্ৰিম অংশ হিচাপে ৩২৪.৪০ কোটি টকা মুকলি কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত আমি অত্যন্ত কৃতজ্ঞ। ইয়াৰ ফলত বৰ্তমানৰ বানপানীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ’ব আৰু লগতে বানপীড়িতসকলৰ বাবে ব্যৱস্থা লোৱাত সহায়ক হ’ব।”