দেশৰ ৰাজনীতিত এতিয়া মমতা বেনাৰ্জীৰ ৰাজনীতিয়ে তীব্ৰ জোকাৰণি সৃষ্টি কৰাৰ লগতে৷ সৃষ্টি কৰিছে সাংবিধানিক সংকটৰো৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনখড়ৰ মাজৰ সংঘাতে এই মুহূৰ্তত গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰত ৰাজ্যপাল জগদীপ ধনখড়ক ইতিমধ্যে ব্লক কৰিছে৷
মমতাৰ অভিযোগ যে, ৰাজ্যপাল জগদীপ ধনখড়ে তেওঁৰ টেলিফোনিক টেপিং কৰিছে৷ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ এই সংঘাতে দিল্লীতো প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰিছে৷ ফোন টেপিঙৰ উপৰি মমতাই ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে মুখ্য সচিব আৰু ডিজিপিক ‘ভয়’দেখুওৱাৰ অভিযোগো উত্থাপন কৰিছে।
এক সংবাদমেলত মুখ্যমন্ত্ৰী মমতাই কয় যে, ‘মই ইয়াৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰো। তেওঁ (জগদীপ ধনখড়) মোক বা মোৰ বিষয়াসকলক গালি-গালাজ কৰি প্ৰতিদিনে টুইট কৰে। অসাংবিধানিক, অনৈতিক কথা কয় ধনখড়ে। তেওঁ পৰামৰ্শ নিদিবলৈও নিৰ্দেশ দিয়ে। নিৰ্বাচিত চৰকাৰ এখনক বন্ধনযুক্ত শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰে। সেইকাৰণে মই তেওঁক মোৰ টুইটাৰ একাউণ্টত ব্লক কৰিছো। মই বিৰক্ত হৈ পৰিছিলো।’
মমতাই লগতে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধনখড়ক অপসাৰণ বিচাৰি কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰিছে যদিও কোনো ব্যৱস্থা লোৱা হোৱা নাই।