আজিৰে পৰা তিনিদিনীয়াকৈ দেশত পালন কৰা হৈছে স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা। দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।
আজি পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহানগৰীৰ কামৰূপ একাডেমী, টি.চি স্কুল লগতে দাঁতি কাষৰীয়া বহুকেইখন বিদ্যালয় সমবেত হৈ হাতত ত্ৰিৰংগা লৈ সমদলেৰে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী ক্লাৱৰ টি.চি স্কুলৰ পৰা দীঘলীপুখুৰী পৰিভ্ৰমণ কৰি প্ৰেছ ক্লাৱ আমবাৰীৰ সন্মুখেৰে আহি পুনৰ টি.চি স্কুলত এই কাৰ্যসূচী সামৰণি মাৰে।
আনহাতে, এই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত তিনিওদিনেই ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰি ৰাখিব পাৰিব। সমগ্ৰ ৰাজ্য তথা দেশৰ লগতে গুৱাহাটীৰ খানাপাৰা খেলপথাৰতো কটকটীয়া নিৰাপত্তাৰে স্বাধীনতা দিৱসৰ প্ৰস্তুতি আৰম্ভ হৈছে। পেৰেডত ব্যস্ত হৈ পৰিছে আৰক্ষী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী।