বিহুৰ চান্দাক লৈ চৰকাৰৰ শেহতীয়া ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বলপূৰ্বক ভাৱে লোৱা চান্দাৰ সকলোৱেই বিৰোধীতা কৰে, কিন্তু অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ’ব বুলি বিধায়ক গৰাকীয়ে স্পষ্ট কৰি দিয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চান্দা বীৰ বুলি অভিহিত কৰি অখিল গগৈয়ে কয়, যি জন লোক ছাত্ৰ সংগঠনত থকাৰ পৰা মুখ্যমন্ত্ৰী হৈ থকালৈকে চান্দা উঠাই অহিছে, সেইজনে এতিয়া বিহুক লৈ চান্দাৰ বিৰোধীতা কৰিছে। ছাত্ৰ সন্থাত থকাৰ দিনত চান্দা তোলা, আলফাৰ দিনত চান্দা তুলি আইনৰ ৰোষত পৰা, কংগ্ৰেছৰ দিনত চান্দা সংস্কৃতিক মান্যতা দিয়া, বিজেপিলৈ আহি স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে চান্দা উঠোৱা এইজন হিমন্ত বিশ্ব শৰ্মাই বিহুক লৈ চান্দা বন্ধ কৰাৰ নিৰ্দেশনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
“বলপূৰ্বক চান্দা সংগ্ৰহ মানি লোৱা নহ’ব। কিন্তু ৰাইজে স্বইচ্ছাই আগবঢ়োৱা বৰঙণি সংগ্ৰহ কৰি বিহু আমি আগৰ দৰে উদযাপন কৰিম। বিহুক লৈ চৰকাৰৰ নিৰ্দেশনা কোনো কাৰণত মানি লোৱা নহ’ব” বুলি আজি এক সংবাদ মেলত স্পষ্ট কৰি দিয়ে অখিল গগৈয়ে। চান্দা উঠোৱাৰ বিৰোধ কৰা চৰকাৰখনে ব্যৱসায়ী সকলৰ আৰ্থিক অৱস্থা শোচনীয় বুলি উল্লেখ কৰিছে। চৰকাৰে ব্যৱসায়ী সকলৰ অৱস্থা কিয় উন্নত কৰিব পৰা নাই বুলিও বিধায়কগৰাকীয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে GST, বিমুদ্ৰাকৰণ (Demonetistion) আৰু ক’ভিড (Covid19)ৰ বাবে বাণিজ্যৰ অৱস্থা শোচনীয় হৈ পৰিছে, এই সমূহৰ প্ৰৱৰ্তন কৰিছে বিজেপি (BJP) চৰকাৰে।
বিহু উদযাপন কৰাৰ বাবে এতিয়া বিহু সমিতিসমূহে চৰকাৰে প্ৰদান কৰা ডেৰ লাখ টকাৰ বাবে দিছপুৰলৈ মাকো মাৰি থকাৰ ব্যৱস্থা কৰিছে। বিহু সমিতি সমূহক হিতাধীকাৰীত পৰিণত কৰি এতিয়া চৰকাৰ আৰু বিজেপিয়ে বিহু কমিটীক নিয়ন্ত্ৰণ কৰি বিহুক নিশেষ কৰাৰ পৰিকল্পনা কৰা বুলি বিধায়কগৰাকীয়ে কয়। তেওঁ চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰি ৰাইজৰ বৰঙণিৰ দ্বাৰা বিহু অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ লগতে অসমীয়া ৰাইজক চৰকাৰে বিহুৰ ওপৰত লগোৱা লেকাম মানি নল’বলৈ আহবান জনায়।