আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ জয়ানগৰত নৱনিৰ্মিত আটাছুৰ কেন্দ্ৰীয় কাৰ্যালয় সহিতে টাই আহোম সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ ভৱন মুকলি কৰে। “ৰাজ্যৰ সামাজিক-সাংস্কৃতিক জীৱনৰ সমৃদ্ধিত আটাছুৱে সদায়েই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। স্বৰ্গদেউ চাও-লুঙ-চ্যুকাফাৰ সময়ৰ পৰাই টাই-আহোম সমাজে বৃহত্তৰ অসমক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে” বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।
অসম চৰকাৰ টাই-আহোম জনগোষ্ঠীৰ কল্যাণৰ বাবে কাম কৰি যোৱাত বদ্ধ পৰিকৰ। ইতিমধ্যে সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। ইয়াৰ ভিতৰত ধেমাজিৰ হাবুঙত চলি থকা প্ৰকল্পটো আগন্তুক মে-ডাম মে-ফিত মুকলি কৰা হ’ব। লগতে নাহৰকটীয়াৰ টিপামত এক নতুন প্ৰকল্পৰ কামো আৰম্ভ কৰা হ’ব। অসম চৰকাৰে আটাছুৰ এই নতুন ভৱনৰ আন্তঃগাঁথনি উন্নয়নত সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।
আজিৰ অনুষ্ঠানত সতীৰ্থ মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু, বিমল বৰা, আটাছুৰ মাননীয় সভাপতি লিটুল বুঢ়াগোহাঁইকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল।