আজি সমগ্ৰ বিশ্বৰ লগতে অসমৰো বিভিন্ন ঠাইত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সৈতে সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত, বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱাৰ লগতে বহু গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি কয় যে,”গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল– যদি চিত্ত স্থিৰ কৰিব নোৱৰা তেন্তে অভ্যাস যোগৰ দ্বাৰা মোক লাভ কৰিবলৈ ইচ্ছা কৰিবা৷ যোগ হৈছে ভাৰতীয় প্ৰাচীনতম সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ৷ আজি ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰি মই পৰম কৃতাৰ্থ অনুভৱ কৰিছো।
We took out a few moments to remember and pray for safety and well-being of the flood-affected people in Assam.
I also thank Hon @moayush minister Shri @sarbanandsonwal
dangoriya for his efforts in organising 100-day celebrations of this year's #YogaDay pic.twitter.com/nYjEkAPDNj— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 21, 2022
আজি দিৱস উদযাপনৰ আৰম্ভণিতে সেই সকলক মনত ৰাখিছো যিসকল ব্যক্তিয়ে সাম্প্ৰতিক বানৰ কবলত পৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে, আমি তেখেতসকলৰ কাষত সদায় থিয় হৈ আছোঁ।যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া৷ যোগে প্ৰাণৰ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায়৷