কাৰ্বি পাহাৰত বলিছে নিৰ্বাচনী বতাহ। শাসক–বিৰোধীয়ে জোৰদাৰ কৰি চলাইছে প্ৰচাৰ। বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীৰ হৈ চাৰি স্থানত চলাব নিৰ্বাচনী প্ৰচাৰ। ১০ বজাত চোচেং, ৰংখাং আৰু দুৱাৰ আমলা সমষ্টিৰ বাবে বৈঠালাংছ’ত ৰাজহুৱা সভাত সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। নিলিপ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰংপিৰ বাবে মুখ্যমন্ত্ৰীয়ে ১২ বজাত বোকাজানৰ চকিহোলাত চলাব প্ৰচাৰ।
বিয়লি ২ বজাত কপিলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৱন কুমাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে খেৰনীত চলাব প্ৰচাৰ। বিয়লী ৩:১৫ বজাত লাংফেৰ, সিংহাসন সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বাবে বকলিয়াৰ জনসভাত ভাগ ল’ব মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, লাংফেৰৰ বিজেপি প্ৰাৰ্থী হ’ল মধুৰাম লেখটে আৰু সিংহাসন সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ’ল অমৰছিং টিছো।