মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন। নিৰ্বাচনী আয়োগৰ গোচৰত এই চমন মুখ্যমন্ত্ৰীগৰাকীলৈ। ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ CJM আদালতত হাজিৰ হবলৈ চমন জাৰি কৰিছে আদালতে।
উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী বিধি ভংগৰ অভিযোগত ৰুজু হৈছিল গোচৰ। প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগক দিছিল অভিযোগ।
প্ৰদেশ কংগ্ৰেছৰ অভিযোগৰ ভিত্তিতেই আদালতত প্ৰতিবেদন দিছিল নিৰ্বাচন আয়োগে।