গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু কাউন্সিলৰসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। মুখ্যমন্ত্ৰীয়ে অধ্যক্ষতা কৰা এই বৈঠকত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী যোগান, পথত পোহৰ ব্যৱস্থা, কৃত্ৰিম বান আদি বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানৰ দিশত আলোচনা কৰা হয়।
বৈঠকত মুখ্যমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানসমূহৰ প্ৰতিকাৰ আৰু সমাধানৰ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদান কৰা লগতে GMC ক অধিক সক্ৰিয় আৰু স্বাৱলম্বী অনুষ্ঠানলৈ ৰূপান্তৰ কৰাটো ৰাজ্যৰ বৰ্তমানৰ প্ৰশাসন ব্যৱস্থাৰ এক অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ বুলিও জনায়।
উল্লেখ্য যে, উক্ত বৈঠকত GMC ৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব কবিতা পদ্মনাভন, পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালো উপস্থিত থাকে।