অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰক ভাৰতৰ হাতত অৰ্পণ কৰিলে চীনে। ৰহস্যজনকভাৱে, অৰুণাচলৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ পৰা ১৮জানুৱাৰীত নিৰুদ্দেশ হোৱা কিশোৰজনক চীনে অপহৰণ কৰা বুলি অভিযোগ উঠিছিল। এই অভিযোগৰ মাজতে চীনা সৈন্যই সদৰি কৰিছিল যে, তেওঁলোকে ভাৰতীয় কিশোৰজনক উদ্ধাৰ কৰিছে। অৰুণাচলৰ সাংসদ টিপিৰ গাৱে চীনে কিশোৰজনক অপহৰণ কৰা বুলি অভিযোগ পাছতে চীন সৈন্যই কিশোৰটিক উদ্ধাৰ কৰা বুলি দাবী কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছিল। অৱশেষত কিশোৰটিক ভাৰতৰ হাতত অৰ্পন কৰাৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে।
ৰিজিজুৱে টুইটযোগে কিশোৰজনক ভাৰতৰ হাতত চীনৰ পিএলএই গতাই দিয়াৰ কথা সদৰি কৰিছে। উল্লেখ্য যে, বুধবাৰেই ৰিজিজুৱে প্ৰকাশ কৰিছিল যে, সন্ধানহীন কিশোৰজনক ভাৰতক ঘূৰাই দিয়াৰ প্ৰসংগত ভাৰতে চীনৰ সৈতে কথা পাতিছে আৰু তেওঁলোকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কিশোৰজনক এলএচিৰ সমীপৰ কিবীথুৰ সমীপৰ ৱাছাত ভাৰতৰ হাতত অৰ্পন কৰাৰ পিছত তেওঁৰ ক’ভিড পৰীক্ষাৰ দৰে প্ৰক্ৰিয়াসমূহো সম্পূৰ্ণ কৰা হয়। ইতিমধ্যে কিশোৰজনক ভাৰতলৈ হস্তান্তৰ কৰাৰ সময়ৰ আলোকচিত্ৰও প্ৰকাশ কৰা হৈছে। কিন্তু কি পৰিস্থিতিত কিশোৰজন চীনা সৈন্যৰ কৱললৈ গ’ল সেয়া সন্দেহৰ বিষয় হৈ ৰৈছে।
অৰুণাচলৰ সাংসদ টিপিৰ গাৱে অভিযোগ কৰিছিল যে, কিশোৰজনক পিএলএই ভাৰতীয় ভূখণ্ডৰ পৰা অপহৰণ কৰিছে। তেওঁ টুইটযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। গাৱে অভিযোগ কৰা মতে অৰুণাচল প্ৰদেশৰ চাংপো নৈ ভাৰতত প্ৰৱেশৰ স্থানতেই এই ঘটনা সংঘটিত হৈছে। এই বিষয়ে জানিব পাৰিয়েই ভাৰতীয় সৈন্যই তাৎক্ষণিকভাৱে পিএলএৰ সৈতে যোগাযোগ কৰে। ভাৰতীয় সৈন্যই জনায় যে, অৰণ্যৰ পৰা শাক-পাত বুটলিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱা কিশোৰজনে পথ হেৰুৱাইছিল। শেহতীয়াকৈ চীনা সৈন্যই কিশোৰজনক উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।