বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন (Citizenship Amendment Bill) ৰ আজি শুনানি হ’ব। কভিড-১৯ ৰ বাবে প্ৰায় ২ বছৰ ইয়াক স্থগিত ৰখা হৈছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন কৰা এখন ৩ জনীয়া বিচাৰপীঠৰ উপস্থিতিত অনুষ্ঠিত হ’ব CABৰ শুনানি। ২০১৯ চনৰ ১২ ডিচেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত বিলৰ পৰা আইনলৈ পৰিৱৰ্তিত হৈছিল CAB।
উল্লেখ্য যে, বহু বিতৰ্কিত এই আইনখন বলৱৎ কৰাৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সংঘটিত হৈছিল সমগ্ৰ দেশত। অসমত আৰম্ভ হোৱা এই আন্দোলন পৰৱৰ্তী কালত সমগ্ৰ দেশতে বিয়পি পৰে। যাৰ পৰিণতিত অসমতো শ্বহীদ হৈছিল ৫ জন লোক। বৰ্তমান ২১৯ খন আবেদনৰ ভিত্তিত অনুষ্ঠিত হ’ব এই শুনানি।