গুৱাহাটী মহানগৰীত এতিয়া খোৱাপানীৰ বাবে ভৰিব লাগিব ১০ হাজাৰ টকা। ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ অধীনষ্ঠ চেন্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ অথৰিটিয়ে এই সন্দৰ্ভত বাতৰি কাকতৰ জৰিয়তে জাৰি কৰিছে এক ৰাজহুৱা জাননী।
ৰাজহুৱা জাননী নং ৩/২০২২ ত উল্লেখ কৰা মতে ভূ গৰ্ভৰ পানী যিবোৰ ফ্লেটত, হাউচিং চোচাইটিত, চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ, মাইনিং প্ৰজেক্ট, চুইমিং পুল আদি ব্যৱহাৰ কৰে তেওঁলোকে CGWA ত ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব। সাধাৰণ ভাষাত আপোনাৰ ঘৰত যদি পানী বৰিং আছে তেনেহ’লে এই নিৰ্দেশনা অনুসৰি ১০ হাজাৰ টকা পঞ্জীয়ন মাছুল দি আৱেদন জনাব লাগিব। ব্যক্তিগতভাৱে থকা পৰিয়ালক বাদ দি ফ্লেট, এপাৰ্টমেন্টৰ সকলোৱে এই নিৰ্দেশনা মানিব লাগিব।
অৰ্থাৎ এতিয়া মহানগৰবাসীয়ে অনুমতি অৱিহনে বৰিং কৰিলে আৰু ভূ গৰ্ভৰ পানী ব্যৱহাৰ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। যি সময়ত মহানগৰবাসীক খোৱাপানীৰ যোগান ধৰিবৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি বছৰৰ পাছত বছৰ ধৰি পানী দিব পৰা নাই তেনে সময়ত কোনোবাই নিজৰ ধন ব্যয় কৰি ভূ পৃষ্ঠৰ পৰা পানী আহৰণ কৰিলেও ১০ হাজাৰ টকাকৈ ধন দিব লাগিব চৰকাৰক।
কৃত্ৰিম বান, ভূমিস্খলন, বেয়া বাট-পথ, নিৰাপত্তহীনতা আদি অজস্ৰ সমস্যাৰে জৰ্জৰিত মহানগৰবাসীক এতিয়া পানীৰ নামত এই ১০ হাজাৰ টকাৰ বোজা জাপি দিব বিছৰা হৈছে।