- হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে শিৱসাগৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়।
- ২০২৪ ৰ পূৰ্বে চৰাইদেউ চিকিৎসা মহাবিদ্যালয় ৰাইজৰ বাবে মুকলি কৰিব।
- অসম চৰকাৰে শিৱসাগৰত তিনিটা বৃহৎ প্ৰকল্পৰ প্ৰস্তাৱ কৰিছে।
- সেই অনুসৰি বৰ্তমানৰ টাই আহোম যাদুঘৰ সংবৰ্ধন কৰি অসমৰ বিভিন্ন ঠাইত সিচঁৰতি হৈ থকা ঐতিহাসিক সমলসমূহ ইয়ালৈ অনা হ’ব।
- দ্বিতীয়তে ৰংঘৰৰ সমিপত থকা ৭৮ বিঘা মাটি চৰকাৰে অধিগ্ৰহণ কৰিব।
- ইয়াৰ বাবে ৰাইজক চৰকাৰে প্ৰদান কৰিব উপযুক্ত ক্ষতিপূৰণ।
- এই ভূমিত চৰকাৰে নিৰ্মাণ কৰিব কেইবাটাও সৰু সৰু মুকলি মঞ্চ আৰু অতিথি গৃহ।
- ইয়াত সকলোৱে কৰিব পাৰিব বিহুৰ আখৰা।
- বিহুৰ এই আখৰাৰ পিছত চূড়ান্ত প্ৰদৰ্শন ৰংঘৰৰ পৰা চাব পৰাৰ ব্যৱস্থা কৰা হ’ব।
- ৰংঘৰ আৰু ইয়াৰ সমীপত অধিগ্ৰহণ কৰা ভূমিত সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰা হ’ব।
- ৰংঘৰত কৰা হ’ব পোহৰ আৰু শব্দৰ ব্যৱস্থা।
- ইয়াৰ জৰিয়তে আহোম ৰাজত্বৰ ইতিহাসক প্ৰদৰ্শন কৰা হ’ব।
- শিৱসাগৰ জিলাৰ পানীৰ সমস্যা সমাধানৰ বাবেও পদক্ষেপ গ্ৰহণ।
- চৰাইদেউ অধ্যয়ন কৰি বিশ্বঐতিহ্যক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা চলোৱা দলৰ হাতত দিয়া হৈছে শিৱসাগৰৰো দায়িত্ব।
- শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে দলটোৱে চলাব অধ্যায়ন।
- ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰিব চৰকাৰে।
- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ঘোষণাৰ বাবে অখিল গগৈয়ে ধন্যবাদ জনাইছে।